Wednesday 7 July 2021

Jisu Mur Doyare Hagor | যীচু মোৰ দয়াৰে সাগৰ | Assamese Christian Worship Song

যীচু মোৰ দয়াৰে সাগৰ
দিনে নিশাই নাম ললে নেলাগে ভাগৰ

পিতৃ হৈছে ঈশ্বৰ তোমাৰ, মাতৃ মৰিয়ম
দায়ুদৰ বংশত আহি ললাহি জনম

কিনো তোমাৰ লীলা প্ৰভু, কিনো তোমাৰ লীলা
সাগৰৰ ওপৰত খোজ কাঢ়ি দেখুৱালা

কিনো তোমাৰ লীলা প্ৰভু, কিনো তোমাৰ লীলা
দুকুৰি দিনলৈকে লঘোণে আছিলা

সাতোটা পিঠাৰে প্ৰভু, কেইটিমান মাছেৰে
চাৰি হাজাৰ ভকতক সন্তুষ্ট কৰিলা

Writer: Ranjan Chutia

No comments:

Post a Comment