Wednesday 4 May 2022

ধৰা তেওঁৰ গজাল বিন্ধা হাত | Dhora Teur Gojal Bindha Haat | Assamese Christian Song | Assamese Hymn | Lyrics



Original song: The Nail-Scarred Hand (1924)
Author: Baylus Benjamin McKinney
Translated by: Unknown

তুমি হাৰিলানে জীৱন ধুমুহাত ?
ধৰা তেওঁৰ গজাল বিন্ধা হাত,
তুমি ভাগৰিলানে এই দুৰ্ঘোৰ যুঁজত ?
ধৰা তেওঁৰ গজাল বিন্ধা হাত ।

ধৰা তেওঁৰ গজাল বিন্ধা হাত,
ধৰা তেওঁৰ গজাল বিন্ধা হাত,
কেতিয়াও নেৰিব তেওঁ পৰম বন্ধু,
ধৰা তেওঁৰ গজাল বিন্ধা হাত ।

তুমি উত্থিত প্ৰভুৰ আজ্ঞা মানিবা,
ধৰা তেওঁৰ গজাল বিন্ধা হাত;
তুমি তেওঁৰ বাক্যৰ পোহৰত চলিবা,
ধৰা তেওঁৰ গজাল বিন্ধা হাত ।

তোমাৰ আত্মা বোজাত তললৈ গৈছে নে?
ধৰা তেওঁৰ গজাল বিন্ধা হাত,
তোমাৰ হিয়াত খোজে ত্ৰাতা সোমাব,
ধৰা তেওঁৰ গজাল বিন্ধা হাত ।

No comments:

Post a Comment