Saturday 16 April 2022

যীচু প্ৰভুক মাতি চোৱা | Jisu Probhuk Mati Sua | Assamese Gospel Song | Assamese Christian Song Lyrics

Lyrics/Tune: Swapnajyoti Moran

যীচু প্ৰভুক মাতি চোৱা তোমাৰ জীৱনলৈ
তেওঁৱে তোমাক মৰম কৰিব চিৰদিনলৈ
হৃদয়ৰে দুৱাৰত টুকুৰীয়াই আছে
তুমি খুলি দিয়া গৈ
ভোজন-পান কৰিব
তোমাৰে লগতে চিৰদিনলৈ
তোমাৰ লগতে অহা যোৱা কৰিব
অ বন্ধু জানানে কেনেকৈ
পবিত্র আত্মা হৈ

হব পাৰে দুখ তোমাৰে জীৱন
আছে তেওঁ উদ্ধাৰ কৰিবলৈ
হব পাৰা তুমি ভাৰাকান্ত
আছে তেওঁ জিৰণি দিবলৈ
তেওঁত বিশ্বাস ৰাখা অ মোৰ বন্ধু
কিছু সময়লৈ
তেওঁ তোমাৰ বাবে পথ গণি ৰব
চলাব তোমাক চিৰদিনলৈ

যীচু প্ৰভুক মাতি চোৱা তোমাৰ জীৱনলৈ
তেওঁৱে তোমাক মৰম কৰিব চিৰদিনলৈ

নাথাকে এই জীৱন চিৰদিনলৈ
নাথাকে এই সংসাৰ চিৰদিনলৈ
আহিছো আমি যাবগৈ লাগিব
তেওঁৰে কাষলৈ
আজিয়েই সময় আছে
তেওঁলৈ ঘূৰি বিশ্বাস কৰি লোৱা গৈ
অনন্ত জীৱন লোৱা গৈ

যীচু প্ৰভুক মাতি....পবিত্র আত্মা হৈ

No comments:

Post a Comment